April 29, 2026

বঙাইগাঁৱৰ গেৰুকাবাৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুটা সৰবৰাহকাৰী।

Read Time:1 Minute, 27 Second

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপোৰ্টৰ প্ৰফুল্ল কুমাৰ দাস

ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। আজি দুপৰীয়া গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষীৰ অভিযানত বঙাইগাঁও জিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেৰুকাবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। ধৃত সৰবৰাহকাৰী দুটা ক্ৰমে জাহাংগীৰ আলম(30) আৰু ৰফিকুল ইছলামে(27)। এখন মটৰ চাইকেলেৰে গোৱালপাৰাৰ পৰা বৰপেটা অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী দুটা। গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰৰ নেতৃত্বত চলোৱা অভিযানত ধৃত সৰবৰাহকাৰী দুটাৰ পৰা তিনিটা চাবোনৰ বাকচত কঢ়িয়াই লৈ অহা 45 গ্ৰাম ড্ৰাগছ, AS 18J 6343 নম্বৰৰ এখন টিভিএছ আপাছি বাইক আৰু দুটা মোবাইল ফোন জব্দ কৰা হয়।জানিব পৰা মতে ধৃত সৰবৰাহকাৰী দুটাৰ ঘৰ গোৱালপাৰাত।ইয়াৰে জাহাংগীৰৰ আলমৰ খৰমুজাত আৰু ৰফিকুলৰ ঘৰ বীৰসিং হেলেংগাৰ চৰত।

Previous post বিলাসীপাৰা আদালত আৰক্ষীৰ জিম্মাৰ পৰা ড্ৰাগছ পেটেলাৰ পলায়ন:আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ,ৰহস্যজনক আৰু বিশেষ আমোদৰ কৰিছে সৃষ্টি।
Next post बारसोई पुलिस ने तीन शराब तस्कर को भेजा जेल ।
Wordpress Social Share Plugin powered by Ultimatelysocial