অসমক ৰক্তাক্ত কৰিব বিচৰা ছয় মুছলিম মৌলবাদী বিদ্ৰোহী উগ্ৰপন্থী আটক বৰপেটা জিলাত
ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।
ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰঃ বাংলাদেশ পাকিস্তান, আৰু আফগানিস্তান আদিৰ হৰকুট উল ,অল কায়দা আদি জেহাদী মৌলবাদী উগ্ৰপন্থী সংগঠন সমূহে সমগ্ৰ ভাৰত ৰাষ্ট্ৰঃ তথা উত্তৰ পূৰ্বাঞ্চলকে ধৰি অসমক বিশেষ ভাবুকি সৃষ্টি কৰিব পৰাকৈ কিদৰে আমাৰ সীমান্তৰে বে- আইনী ভাবে প্ৰৱেশ কৰি বিভিন্ন ঠাইত শ্লিপাৰ চেল স্থাপনৰ দ্বাৰা আশ্ৰয় গ্ৰহণ কৰি আছে এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।প্রাপ্ত বাতৰিমতে আজি নামনি অসমৰ বৰপেটা জিলাত অসম আৰক্ষীয়ে বিশেষ তথ্য ৰ ভিত্তিত বিভিন্ন অঞ্চলত নিষিদ্ধ মাদ্ৰাছা সমূহত আশ্ৰয় গ্ৰহণ কৰি থকা মুঠ ৬জন মুছলিম মৌলবাদী বিদ্ৰোহী উগ্ৰপন্থী নেতা- সদস্য ক আটক কৰিবলৈ সক্ষম হয় ।আটকাধিন উগ্ৰপন্থী কেইজন সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ ফালাডী গাঁওৰ মুফটি চুলেইমান ,হাউলী খণ্ডকাৰ পাৰাৰ আৰু কুমল্লিপাৰা ৰ জাহিদুল ইছলাম ,চাদ্দাম হুছেইন ধানবন্ধা গৰৈমাৰী পথাৰৰ ৰছিদুল ইছলাম ,বৰপেটা ৰোড কাটাঝাৰৰ মোছাৰফ হুছেইন আৰু মকিবুল ইছলাম বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।ইয়াৰে মকিবুল ইছলাম নামৰ উগ্ৰপন্থী জন পি-এফ-আই সংগঠনৰ সদস্য বুলি প্ৰকাশ পাইছে। উক্ত আটাইকেইজন অল কায়দা ইন ইণ্ডিয়ান চাব কণ্টিনেন্ট চমুকৈ AQIS ৰ সদস্য বুলি আৰক্ষীয়ে জনাইছে। ইতিমধ্যে তেওঁলোকৰ পৰা ২০ টা মোবাইল ফোন ,কিতাপ,২০ খন চিম কাৰ্ড আদি উদ্ধাৰ কৰে আৰক্ষীয়ে। উল্লেখ যে যোৱা কিছুদিন পূৰ্বে নিয়া আৰু আৰক্ষীয়ে বাংলাদেশৰ মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ ক আটক কৰিছিল ।আৰু তেওঁৰ স্বীকাৰোক্তি ৰ ভিত্তিত আজি আৰক্ষী -সেনাবাহিনী য়ে এই ছয়জন উগ্ৰপন্থী ক আটক কৰে ।ইতিমধ্যে আৰক্ষীয়ে উক্ত ছয়জন উগ্ৰপন্থী ক বৰপেটা আদালতত হাজিৰ কৰায়। আৰু আদালতে ১০ দিনৰ আৰক্ষীৰ জিম্মাত প্ৰদান কৰে। এই ঘটনাই ইতিমধ্যে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বুলি বাতৰিটোত প্ৰকাশ।
