April 30, 2026

বঙাইগাঁও জিলাত বিগত আঠ বছৰ ধৰি চলি থকা এক গোচৰ জিলা আৰক্ষী প্ৰশাসনৰ তৎপৰতাত হল নিষ্পত্তি:তীব্ৰ চাঞ্চল্য আৰু কৰি তুলিছে আকৰ্ষণীয় ।

Read Time:1 Minute, 27 Second

(বঙাইগাঁও ৰিপৰ্টাৰ । প্ৰফুল্ল কুমাৰ দাস)

নামনী অসমৰ বঙাইগাঁও জিলাত বিগত আঠ বছৰ পূৰ্বে ফেচবুকত ইছলাম ধৰ্মৰ ওপৰত কুমন্তব্য কৰি নিজ সমাজৰ পৰা বিচ্ছেদ হোৱা আয়ুৱ আলি শৰ্মা নামৰ লোক জনৰ পৰিয়ালৰ সৈতে আজি অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাই পূৰ্বৰ বিচ্ছিন্নত উঠাই লোৱাত বিশেষ আকৰ্ষণীয় বতৰা কঢ়িয়াই আনিছে। প্ৰাপ্ত বাতৰি মতে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনে বিগত ৮বছৰ ধৰি চলি থকা এক গোচৰ আজি উত্তৰ শালমাৰা মহকুমা আৰক্ষী প্ৰশাসনৰ তৎপৰতাত অভয়াপুৰী থানাৰ আৰক্ষী বিষয়াই জিলাখনৰ নাম্বাৰপাৰাত এক ৰাজহুৱা সভা আহ্বান জনায়।আৰু উক্ত ৰাজহুৱা সভাত আয়ুৱ আলীয়ে নিজে ভুল স্বীকাৰ কৰি ৰাইজৰ ওচৰত শৰনাগত হয়।পিছত ৰাইজে বিভিন্ন আলোচনাৰ অন্তত আয়ুৱ আলীক ক্ষমা প্ৰাৰ্থনা কৰি নিজ সমাজত পুনৰ গ্ৰহণ কৰে।এই ঘটনাই এতিয়া দীৰ্ঘদিন ধৰি চলি থকা এক গোচৰ হঠাতে আজি নিষ্পত্তি হোৱাত তীব্ৰ চাঞ্চল্য আৰু আকৰ্ষণীয় কৰি তুলিছে বুলি বাতৰিটোত প্ৰকাশ।

Previous post कालसर के नारियलबाडी़ गांव में गुंज संस्था की अगुवाई में स्वच्छता अभियान, लगाई गई झाडू
Next post ৭৫ তম বর্ষ উপলক্ষে চাঁদা উচ্চবিদ্যালয়ে প্ল্যাটিনাম জয়ন্তি বর্ষ ২০২৩ ও ২৪ উৎযাপন অনুষ্ঠানে উপস্থিত বিভিন্ন গুণীজন
Wordpress Social Share Plugin powered by Ultimatelysocial