April 30, 2026

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম ত নেমছু ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন।

Read Time:1 Minute, 35 Second

( ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস)

নামনী অসম তথা বিটিএডি এলেকাৰ ৰাজধানী কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত আজিৰে পৰা দুইদিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত হল উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছ ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। প্ৰাপ্ত তথ্যমতে কোকৰাঝাৰ জিলা ফকিৰাগ্ৰাম সান্দালাৰটাৰী এম ই মাদ্ৰাছা খেলপথাৰত অনুষ্ঠিত হোৱা নেমছু ৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি মহম্মদ বদৰুল ইছলামে ,আৰু শ্বহীদ তৰ্পণ কাৰ্য্যসূচী মুকলি কৰে ফকিৰাগ্ৰাম জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক জ্যোতিষ নাথে,বৃক্ষৰোপন কাৰ্য্যসূচী মুকলি কৰে ফকিৰাগ্ৰাম থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুশীল ছেত্ৰী আৰু ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ হাশমত আলিয়ে।ইয়াৰ পিছতে সন্ধিয়া কোকৰাঝাৰ জিলা নেমছুৰ প্ৰতিনিধি সভা খন অনুষ্ঠিত হয়।অহা কাইলৈ অনুষ্ঠিত হবলগীয়া মুকলি সভাত অসমৰ বাহিৰৰ লগতে ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিব দিছে।

Previous post बलुआ पंचायत में वार्डसभा कर जनसमस्याओं पर हुई चर्चा
Next post नाला निर्माण कार्य का मुखिया ने रखा आधारशिला
Wordpress Social Share Plugin powered by Ultimatelysocial