April 5, 2026

চিৰাঙত মৈত্ৰী আঁচনিৰ আৰক্ষী থানা উদ্বোধন আৰক্ষী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ

Read Time:2 Minute, 34 Second

ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

কাজলগাঁও:- চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি ঢালিগাঁও আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷ অসম চৰকাৰৰ ‘দায়িত্বশীল ভাৱমূৰ্তিৰ বাবে থানা সমূহৰ সৰ্বাংগীন উন্নয়নৰ অভিযান আঁচনি চমুকৈ মৈত্ৰী (MOITRI) অধীনত ঢালিগাঁও আৰক্ষী থানা মুকলি উপলক্ষে অনুষ্ঠিত সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই প্ৰকাশ কৰা মতে, অসমৰ থানা সমূহৰ আধূনিকৰণ এক যুগান্তকাৰী পদক্ষেপ ৷ তদানীন্তন মুখ্যমন্ত্ৰীসৰ্বানন্দ সোণোৱালে চৰকাৰৰ দিনত বিত্ত মন্ত্ৰী থকা সময়ত ড০ হিমন্ত বিশ্ব শৰ্মাৰনেতৃত্বত গ্ৰহণ কৰা হয় মৈত্ৰী আঁচনি ৷তেওঁ প্ৰকাশ কৰা মতে, সম্প্ৰতি বিটিচিত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে ৷ কাজলগাঁৱত স্থাপন কৰা থানাখন অচিৰেই কাজলগাঁৱৰ নামেৰে কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে বুলি উল্লেখ ৷ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই অসমত আৰক্ষীৰ দুৰ্নীতি, স্বজন তোষণ সহ্য কৰা নহব বুলিও ব্যক্ত কৰে ৷চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, উপায়ুক্তনৰেন্দ্ৰ কুমাৰ শ্বাহ, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ডঃ এল আৰ বিষ্ণয়(প্ৰশিক্ষণ আৰু সশস্ত্ৰ শাখা), আৰক্ষীৰপশ্চিম সংমণ্ডল মহাপৰিদৰ্শক দিলীপ কুমাৰ দে, অসম আৰক্ষীৰ গৃহ নিগম বিভাগৰ সঞ্চালক অৰবিন্দ কলিতা, এছ এছ এন্টনী থাংকি, চি আৰ পি এফৰ ডি আই জি জয়দ্বীপ কেশৰী, বঙাইগাওঁ শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা মূৰব্বী এছ পি বৰুৱা,কাজলগাঁও পৌৰসভাৰ সভাপতি ৰণগৌৰা নাৰ্জাৰী উপস্থিত থাকে ।

Previous post महिलाओं ने गले लगाकर की विजयश्री की कामना, तो बड़े बुजुर्गो ने जीत का दिया आशीर्वाद
Next post संत रविदास जी की जयंती धूमधाम से मनाया
Wordpress Social Share Plugin powered by Ultimatelysocial