সমগ্ৰ নামনী অসমত প্ৰতিটো জিলাত ৰাস উৎসৱ পালনৰ জোৱাৰ:শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলাৰ ঢালিগাঁও প্ৰাথমিক শাখাত অনুষ্ঠিত হল ভাওনা নাট: বঙাইগাঁও গান্ধী ময়দানৰ পোন্ধৰ দিনীয়া ৰাস উৎসৱ আয়োজন।
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
সাম্প্ৰতিক আজি তিনিদিন চলিছে সমগ্ৰ নামনী অসমৰ প্ৰতিটো জিলাত ৰাস উৎসৱৰ জোৱাৰ।মূলতঃ প্ৰেম,ভালপোৱা আৰু বিশ্বাসৰ প্ৰতীক হৈছে শ্ৰী কৃষ্ণৰ ৰাস উৎসৱ।সেইয়ে দ্বাপৰ যুগৰ পৰা হিন্দু মানৱ শ্ৰেণীয়ে পৰম্পৰাগত ভাৱে বছৰ বছৰ ধৰি পালন কৰি আহিছে এই ৰাস উৎসৱ।কিন্তু বিগত দুটা বছৰে কোভিড ১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱত মানৱ শ্ৰেণীয়ে পালন কৰিব পৰা নাছিল।অৱশ্যে এই বছৰ মুক্তভাৱে পালন কৰিব পৰাত ৰাইজ উৎফুল্লিত হৈ পৰিছে।সেইমতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামনী অসমত থকা প্ৰতিটো জিলাৰ লগতে বঙাইগাঁও জিলাটো ৺অনিল পাঠক প্ৰাথমিক শাখা ,জ্যোতিনগৰ প্ৰাথমিক শাখা ,দোলাইগাঁও প্ৰাথমিক শাখা ,বঙাইগাঁও প্ৰাথমিক শাখা ,তৈল নগৰী ঢালিগাঁও প্ৰাথমিক শাখা ,পশ্চিম অভয়াপুৰী প্ৰাথমিক শাখা,চুকানী ,কতাশবাৰী আৰু বিষ্ণুপুৰ প্ৰাথমিক শাখাই নাম প্ৰসংগ ,আই নাম,বীৰ নাম,ভাগৱত পাঠ,ভাওনা আৰু বিভিন্ন প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰে।ইফালে বঙাইগাঁও জিলা সদৰ চহৰৰ মাজমজিয়াত থকা গান্ধী ময়দানৰ বঙাইগাঁও বাৰোৱাৰী পূজা মণ্ডপত উদ্যোক্তা সমিতিয়ে এই পোন্ধৰ দিনীয়াকৈ ৰাস উৎসৱৰ মেলা অনুষ্ঠিত কৰিছে। একেদৰে চলনতাপাৰা ,চোকাপাৰা আৰু বইটামাৰী আদিতো ৰাস উৎসৱ পালন কৰাৰ বাতৰি পোৱা গৈছে বুলি প্ৰকাশ ।
More Stories
बरारी में सांसद प्रतिनिधि का दौरा,स्वास्थ्य केंद्र की व्यवस्थाएं परखी, गंगा घाट कटावरोधी कार्य में तेजी के दिए निर्देश
(डेस्क|बारसोई) रविवार को सांसद प्रतिनिधि सुनील कुमार यादव ने बरारी विधानसभा क्षेत्र के विभिन्न इलाकों का दौरा कर जनसुविधाओं और...
शराबबंदी मामले का फरार आरोपी राजा सिंह गिरफ्तार, न्यायिक हिरासत में भेजा गया।
मनिहारी (रतन कुमार ओझा) कटिहार जिले के मनिहारी थाना क्षेत्र में थानाध्यक्ष सुजीत कुमार झा के निर्देश पर पुलिस ने...
मौसम की बाधा के बावजूद नाव से गोबराही दियारा पहुंची मेडिकल टीम, टीकाकरण व स्वास्थ्य जांच सम्पन्न
कुर्सेला (राजशेखर जयसवाल) कुर्सेला प्रखंड क्षेत्र के सुदूरवर्ती गोबराही दियारा में सोमवार को स्वास्थ्य विभाग की टीम ने खराब मौसम...
जीविका दीदियों द्वारा स्व-जनगणना अभियान को तेज़ी से आगे बढ़ाया जा रहा है।
(डेस्क|बारसोई) बरसोई प्रखंड के विभिन्न पंचायतों में विशेष जागरूकता अभियान चलाया गया। इस अभियान का उद्देश्य अधिक से अधिक परिवारों...
हंगामा कर रहे पांच शराबी गिरफ्तार, मनिहारी पुलिस की त्वरित कार्रवाई।
मनिहारी (रतन कुमार ओझा) कटिहार जिले के मनिहारी थाना क्षेत्र में शराब के नशे में हंगामा कर रहे पांच लोगों...
कुरसेला में पुलिस ने 26 लीटर देसी शराब बरामद कर दो दो तस्कर को किया गिरफ्तार
कुर्सेला (राजशेखर जयसवाल) कुरसेला थाना क्षेत्र के विभिन्न स्थानों पर पुलिस ने गुप्त सूचना के आधार पर छापेमारी करते हुए...
