April 29, 2026

বিলাসীপাৰা আদালত আৰক্ষীৰ জিম্মাৰ পৰা ড্ৰাগছ পেটেলাৰ পলায়ন:আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ,ৰহস্যজনক আৰু বিশেষ আমোদৰ কৰিছে সৃষ্টি।

Read Time:1 Minute, 24 Second

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

নামনী অসমৰ ধুবুৰী জিলাত নাভ্ৰূত-নাশ্ৰুত কাণ্ড সংঘটিত হল আজি।মূলতঃ ধুবুৰী জিলাৰ চাপৰ থানাৰ আৰক্ষীয়ে ড্ৰাগছ পেটেলাৰ তিনিজনক আটক কৰিছিল।কিন্তু আজি চাপৰ আৰক্ষীয়ে উক্ত ড্ৰাগছ পেটেলৰ তিনিজনকলৈ বিলাসীপাৰা ন্যায়িক আদালতত হাজিৰা দিবলৈ লৈ গৈছিল।পিছত আৰক্ষীৰ দুৰ্বল নিৰাপত্তা আৰু হেণ্ডকাপৰ কাৰিকৰী বিজুটিত খোল খাই থকাৰ সুযোগ গ্ৰহণ কৰি ইয়াৰে ছাজিদ আলী(৩০) নামৰ ২০০/২২নং গোচৰৰ ড্ৰাগছ পেটেলাৰ জন আদালতৰ পৰা পলায়ন কৰে।পিছত শূণ্য হেণ্ডকাপ তথা ছাজিদ আলী ক দেখা নাপায় আৰক্ষীৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।ঘটনাটোয়ে আৰক্ষীৰ নিৰাপত্তাৰ দিশত ফোঁপোলাস্বৰূপ উদঙাই দিয়াত অতি ৰহস্যজনক ,তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰায় নহয়।সাধাৰণ ৰাইজৰ মাজত বিশেষ আমোদৰ সৃষ্টি কৰিছে বুলি বাতৰিটোত প্ৰকাশ।

Previous post প্ৰাক্তন বিধায়ক ৰবীন বণিক্যৰ মৃত্যু৷ বঙাইগাঁও জিলাত গভীৰ শোক ৷
Next post বঙাইগাঁৱৰ গেৰুকাবাৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুটা সৰবৰাহকাৰী।
Wordpress Social Share Plugin powered by Ultimatelysocial