প্ৰাক্তন বিধায়ক ৰবীন বণিক্যৰ মৃত্যু৷ বঙাইগাঁও জিলাত গভীৰ শোক ৷
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
সমগ্ৰ ৰাজ্য তথা নামনী অসমৰ এক বিশেষ জাতীয়তাবাদী নেতা আৰু এসময়ৰ অতি বিতৰ্কিত কংগ্ৰেছ(ই) ৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত চন্দন কুমাৰ সৰকাৰৰ মূল প্ৰতিদ্বন্দী তথা বিভিন্ন আইনৰ গোচৰিয়া অগপৰ প্ৰাক্তন বিধায়ক ৰবীন বণিক্য আৰু নাই।প্ৰাক্তন বিধায়ক ৰবীন বণিক্যৰ মহাপ্ৰয়ানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাকে ধৰি বহুতো দল -সংগঠনক উকা কৰি গল।আজি পুৱা আঠমান বজাত অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰবীন বণিক্যই ৭৭বছৰ বয়সত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিঃশ্বাস ত্যাগ কৰে৷ দীৰ্ঘদিন অসুস্থতাত তেওঁ শয্যাগত হৈ আছিল৷একেধাৰে কবি, নাট্যকাৰ সুবক্তা ৰবীন বণিক্যৰ শৱদেহ লৈ আজি দুপৰীয়া চহৰৰ মাজেৰে এক মৌন সমদল উলিওৱা হয়৷ অসম গণ পৰিষদৰ অভয়াপুৰী কাৰ্যালয়ত তেওঁৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ পাছত তেওঁ প্ৰতিষ্ঠা কৰা জ্যোতি সাংস্কৃতিক অনুষ্ঠানত সহস্ৰাধিক গুণমুগ্ধই এক শোকসভাত মিলিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অসমৰ জাতীয়তাবাদী আন্দোলনৰ সৈতে নিবিড়ভাৱে জড়িত বণিক্যদেৱে অসম গণ পৰিষদত যোগ দি এই সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল৷ অভয়াপুৰীৰ প্ৰাণকেন্দ্ৰ জ্যোতি সাংস্কৃতিক অনুষ্ঠান, শাখা সাহিত্য সভা, অসম অনুসূচিত জাতি পৰিষদ,অসম নাট্য সন্মিলন,অভয়াপুৰী কলেজ পৰিচালনা সমিতিকে ধৰি তেওঁ প্ৰায় সকলো সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল৷
More Stories
डीएम-एसपी ने गंगा तट पर लिया सुरक्षा व्यवस्था का जायजा, कृत्रिम तालाब में विसर्जन की अपील
रतन कुमार ओझा (मनिहारी) कटिहार के जिलाधिकारी आशुतोष द्विवेदी और पुलिस अधीक्षक परिचय कुमार मनिहारी गंगा तट पहुंचे और दुर्गा...
देसी कट्टा के साथ युवक गिरफ्तार, जेल।
मनिहारी (रतन कुमार ओझा) मनिहारी थाना पुलिस ने बुधवार को गुप्त सूचना के आधार पर कार्रवाई करते हुए कुमारीपुर पंचायत...
भैरयाही गांव में मुन्ना यादव की हत्या, गांव में पसरा मातम
मनिहारी (रतन कुमार ओझा) मनिहारी थाना क्षेत्र की केवाला पंचायत अंतर्गत भैरयाही गांव में मुन्ना यादव की हत्या का मामला...
बारसोई में हथियार दिखाकर लूट, पुलिस ने आरोपी को दबोचा; आईफोन और चाकू बरामद।
मनोरंजन साह (बारसोई) बारसोई थाना क्षेत्र में हथियार का भय दिखाकर लूटपाट के मामले में पुलिस ने त्वरित कार्रवाई करते...
31 साल बाद मां से मिला बिछड़ा बेटा, बंगाल में बना था अब्दुल जब्बार
मनिहारी (रतन कुमार ओझा) मनिहारी प्रखंड अंतर्गत कटाकोश निवासी पिंटू कुमार यादव उर्फ अब्दुल जब्बार 31 साल बाद अपनी मां...
आबादपुर पुलिस की बड़ी कार्रवाई 52.55 ग्राम स्मैक, दो देसी कट्टा और कारतूस के साथ एक गिरफ्तार
मनोरंजन साह (बारसोई) आबादपुर थाना पुलिस ने गुप्त सूचना पर बड़ी कार्रवाई करते हुए स्मैक तस्कर को गिरफ्तार किया है।...
