প্ৰাক্তন বিধায়ক ৰবীন বণিক্যৰ মৃত্যু৷ বঙাইগাঁও জিলাত গভীৰ শোক ৷
বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
সমগ্ৰ ৰাজ্য তথা নামনী অসমৰ এক বিশেষ জাতীয়তাবাদী নেতা আৰু এসময়ৰ অতি বিতৰ্কিত কংগ্ৰেছ(ই) ৰ প্ৰাক্তন মন্ত্ৰী প্ৰয়াত চন্দন কুমাৰ সৰকাৰৰ মূল প্ৰতিদ্বন্দী তথা বিভিন্ন আইনৰ গোচৰিয়া অগপৰ প্ৰাক্তন বিধায়ক ৰবীন বণিক্য আৰু নাই।প্ৰাক্তন বিধায়ক ৰবীন বণিক্যৰ মহাপ্ৰয়ানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাকে ধৰি বহুতো দল -সংগঠনক উকা কৰি গল।আজি পুৱা আঠমান বজাত অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰবীন বণিক্যই ৭৭বছৰ বয়সত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিঃশ্বাস ত্যাগ কৰে৷ দীৰ্ঘদিন অসুস্থতাত তেওঁ শয্যাগত হৈ আছিল৷একেধাৰে কবি, নাট্যকাৰ সুবক্তা ৰবীন বণিক্যৰ শৱদেহ লৈ আজি দুপৰীয়া চহৰৰ মাজেৰে এক মৌন সমদল উলিওৱা হয়৷ অসম গণ পৰিষদৰ অভয়াপুৰী কাৰ্যালয়ত তেওঁৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ পাছত তেওঁ প্ৰতিষ্ঠা কৰা জ্যোতি সাংস্কৃতিক অনুষ্ঠানত সহস্ৰাধিক গুণমুগ্ধই এক শোকসভাত মিলিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ অসমৰ জাতীয়তাবাদী আন্দোলনৰ সৈতে নিবিড়ভাৱে জড়িত বণিক্যদেৱে অসম গণ পৰিষদত যোগ দি এই সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল৷ অভয়াপুৰীৰ প্ৰাণকেন্দ্ৰ জ্যোতি সাংস্কৃতিক অনুষ্ঠান, শাখা সাহিত্য সভা, অসম অনুসূচিত জাতি পৰিষদ,অসম নাট্য সন্মিলন,অভয়াপুৰী কলেজ পৰিচালনা সমিতিকে ধৰি তেওঁ প্ৰায় সকলো সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল৷
More Stories
श्रावणी मेला व ईद मिलाद-उन-नबी पर शांति बनाए रखने का निर्णय
रतनकुमारओझा(मनिहारी) मनिहारी थाना परिसर में शुक्रवार को श्रावणी मेला एवं ईद मिलाद-उन-नबी को शांतिपूर्ण और सौहार्दपूर्ण माहौल में संपन्न कराने...
सावन माह में मेहंदी प्रतियोगिता से खिले बच्चों के चेहरे।
रतन कुमार ओझा (मनिहारी) मनिहारी प्रखंड के नया प्राथमिक विद्यालय तिनकौड़िया पूरब टोला में सावन माह के अवसर पर मेहंदी...
11.64 ग्राम स्मैक के साथ तीन तस्कर गिरफ्तार, दो मोबाइल और ₹1500 बरामद।
मो0 काजु (फलका) फलका थाना पुलिस ने शुक्रवार को गुप्त सूचना के आधार पर कार्रवाई करते हुए गोपालपट्टी नहर पुल...
मेहंदी रचाओ” प्रतियोगिता का हुआ आयोजन।
डेस्क (हसनगंज) उत्क्रमित उच्च माध्यमिक विद्यालय हसनगंज में छात्राओं के बीच "मेहंदी रचाओ" प्रतियोगिता का आयोजन किया गया। जिसमें छात्राओं...
वेतन-पेंशन लागू करने की मांग को लेकर शिक्षकों व कर्मचारियों ने किया प्रदर्शन।
मनिहारी (रतन कुमार ओझा) रामेश्वर यादव मनिहारी महाविद्यालय, मनिहारी के शिक्षक एवं शिक्षकेतर कर्मचारियों ने संघ के आह्वान पर शनिवार...
मालापारा में नौका दौड़ प्रतियोगिता का हुआ आयोज जिस मै कस्बाटोली को हरा कर बिन्द टोली बना विजेता
मो0 सनाउल्लाह (बारसोई) बारसोई प्रखंड अंतर्गत बांसगांव पंचायत के मालापारा नदी घाट पर युवा कमेटी के तत्वावधान में एक दिवसीय...
