June 24, 2026

ভাৰত-বাংলাদেশ সীমান্তৰ মানকাছাৰৰ সিপাৰে বি এছ এফ আৰু বি জি বি ৰ মাজত বন্ধুত্বমূলক মৈত্ৰী ভলীবল খেল প্ৰতিযোগিতা: সমগ্ৰ বিশ্বজুৰি বহন কৰিছে বিশেষ তাৎপৰ্য।

Read Time:2 Minute, 4 Second

বাংলাদেশৰ পৰা বঙাইগাঁওৰ ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

ভাৰত তথা উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত যি সময়ত অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত ৩২গৰাকী শাসক বিৰোধী দলৰ বিধায়ক, আমোলা বিষয়া আৰু সাংবাদিকৰ দলে পৰিদৰ্শনৰ বাবে গৈ উপস্থিত হৈছে।সেই সময়ত ভাৰতীয় সেনা বাহিনীৰ সীমা সুৰক্ষা বাহিনীয়ে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ড বাংলাদেশ বাহিনীৰ সৈতে বাংলাদেশত নতুন বন্দৰত চিৰদিনলৈ বন্ধুত্বমূলক মৈত্ৰী ভলীবল প্ৰতিযোগিতা খেল অনুষ্ঠিত কৰিছে।প্ৰাপ্ত তথ্যমতে ভাৰত -বাংলাদেশ সীমান্তৰ দক্ষিণ শালমাৰা জিলাৰ মানকাছাৰৰ অন্তৰ্গত চাহাপাৰাস্থিত বি এছ এফ কেম্পৰ কাটা তাঁৰৰ সিপাৰে থকা বাংলাদেশৰ ভূমিচৰ নতুন বন্দৰত আজি বিয়লিৰ ভাগত উভয় দেশৰ বি এছ এফ আৰু বি জে বি ৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰীতি খেলখন অনুষ্ঠিত হয়।আৰু বৰ্ডাৰ গাৰ্ড বাংলাদেশ জবলপুৰ ৩৫নং (বি জি বি) বেটেলিয়নৰ উদ্যোগত ভাৰতীয় সীমা সুৰক্ষা বাহিনী(বি এছ এফ) ৰ সৈতে হোৱা উক্ত প্ৰীতিমূলক ভলীবল প্ৰতিযোগিতা খেলে ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি বিশেষ তাৎপৰ্য বহন কৰিছে।যদিও উক্ত খেল প্ৰতিযোগিতাত বি এছ এফ ৰ কামাণ্ডেণ্ট চি কে উপাধ্যায় আৰু বাংলাদেশৰ সাংসদ জাকিৰ হুছেইন তথা বি জি বি ৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে বুলি সূত্ৰটোত প্ৰকাশ।

Previous post मुख्यालय प्रांगण में धान अधिप्राप्ति को लेकर आवश्यक बैठक।
Next post बिजली चोरी के आरोप में तीन लोगों पर प्राथमिकी दर्ज ।
Wordpress Social Share Plugin powered by Ultimatelysocial