শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হল শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৪ সংখ্যক জন্ম উৎসৱ।
বঙাইগাঁও ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত ৫৩৪ সংখ্যক জন্ম উৎসৱ ভাগি আজি এদিনীয়া বিভিন্ন কাৰ্যসূচীৰে জিলা নামঘৰ কাশীডোবাত অনুষ্ঠিত হয়।প্রাপ্ত বাতৰিমতে আজি ৰাতিপুৱা ৭.০০বজাত জিলা সেৱাবাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কৰে।ৰাতিপুৱা ৮.০০বজাত সৃজনগ্ৰাম আঞ্চলিক শাখাৰ সম্পাদক তাৰা প্ৰসাদ সিংহ বাপৰ পৰিচালনাত নাম প্ৰসংগ অনুষ্ঠিত হয়।ৰাতিপুৱা ৯.০০বজাত ধৰ্মধ্বজা উত্তোলন কৰে জিলা সভাপতি অতুল চৰণ দাস বাপে।আৰু ৰাতিপুৱা ১০.০০বজাত বাপ আৰু আই সকলৰ সমূহীয়া ঘোষা নাম অনুষ্ঠিত হয়।দুপৰীয়া ১২.০০ বজাত চৰকাৰী ধন লাভ কৰা নৱনির্মিত জিলা শাখাৰ কাৰ্যালয় ভৱন উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ অনুপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় তথা মূলৰ সদস্য ভৱেশ্বৰ ৰায় বাপে।ইয়াৰ পিছতেই অনুষ্ঠিত জিলা শাখাৰ উপ সভাপতি অনিল কুমাৰ ৰায় বাপৰ সঞ্চালনাত শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনী সম্পৰ্কে এক আলোচনা চক্ৰ। আৰু আলোচক হিচাপে ভাষণ আগবঢ়ায় জিলা সভাপতি অতুল চৰণ দাস বাপ,জিলা উপ সভাপতি মধুসূদন কলিতা বাপ ,কামিনি শইকীয়া আই, গোৱালপাৰা জিলা শাখাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক কপিল কৃষ্ণ মেধী বাপ আৰু গোৱালপাৰা আঞ্চলিক সদস্য নাৰায়ণ দাস বাপ আদিয়ে। আবেলি ৪.৩০বজাত ধৰ্মধ্বজা অৱতৰণ কৰে।সন্ধিয়া বন্তি প্ৰজ্বলন মুকলি কৰে মূল তথা কেন্দ্ৰীয় সদস্য ভরেশ্বৰ ৰায় বাপে।আৰু জিলা সংস্কৃতি শাখাৰ সম্পাদক কামিনি মোহন ৰায়ৰ পৰিচালনাত অনুষ্ঠিত হয় সন্ধিয়াৰ নাম প্ৰসংগ বুলি এই বাতৰিটোত প্ৰকাশ।
More Stories
शांतिपूर्ण रहा कोसी स्नातक मतदान, डीएम एसपी पहुंचे और जायजा लिया
रतन कुमार ओझा (मनिहारी) कोसी स्नातक निर्वाचन को लेकर शुक्रवार को मनिहारी प्रखंड कार्यालय स्थित मतदान केंद्र पर सुबह आठ...
हसनगंज सपनी मोड़ समीप पुलिस की बड़ी कारवाई, लगभग 40 लाख रुपए का स्मैक के साथ कुल 02 तस्कर गिरफ्तार।
डेस्क (हसनगंज) सपनी मोड़ समीप पुलिस ने गुप्त सूचना पर अवैध मादक पदार्थ तस्करी के विरुद्ध बड़ी कारवाई करते हुए...
बारसोई में 11 लीटर विदेशी शराब के साथ एक गिरफ्तार
मनोरंजन साहा (बारसोई ) बारसोई थाना पुलिस ने शराब के विरुद्ध कार्रवाई करते हुए एक युवक को गिरफ्तार किया है।...
हसनगंज में शांतिपूर्ण संपन्न हुआ कोसी स्नातक निर्वाचन का मतदान।
डेस्क (हसनगंज) प्रखंड मुख्यालय स्थित मतदान केंद्र पर शुक्रवार को बिहार विधान परिषद के कोसी स्नातक द्विवार्षिक निर्वाचन 2026 के...
इज्तेमा की तैयारी के बीच नवनिर्मित पंडाल में पांच हजार लोगों ने अदा की जुमे की नमाज।
मो0 काजु (फलका) प्रखंड के सालेपुर महेशपुर में 31 अक्टूबर से 2 नवंबर तक आयोजित होने वाले तीन दिवसीय तब्लीगी...
फलका में श्रद्धा के साथ मां दुर्गा की प्रतिमाओं का विसर्जन
मो0 काजु ( फलका ) प्रखंड क्षेत्र में दुर्गा पूजा उत्सव का समापन मां दुर्गा की प्रतिमाओं के विसर्जन के...
