শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হল শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৪ সংখ্যক জন্ম উৎসৱ।
বঙাইগাঁও ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ উদ্যোগত ৫৩৪ সংখ্যক জন্ম উৎসৱ ভাগি আজি এদিনীয়া বিভিন্ন কাৰ্যসূচীৰে জিলা নামঘৰ কাশীডোবাত অনুষ্ঠিত হয়।প্রাপ্ত বাতৰিমতে আজি ৰাতিপুৱা ৭.০০বজাত জিলা সেৱাবাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কৰে।ৰাতিপুৱা ৮.০০বজাত সৃজনগ্ৰাম আঞ্চলিক শাখাৰ সম্পাদক তাৰা প্ৰসাদ সিংহ বাপৰ পৰিচালনাত নাম প্ৰসংগ অনুষ্ঠিত হয়।ৰাতিপুৱা ৯.০০বজাত ধৰ্মধ্বজা উত্তোলন কৰে জিলা সভাপতি অতুল চৰণ দাস বাপে।আৰু ৰাতিপুৱা ১০.০০বজাত বাপ আৰু আই সকলৰ সমূহীয়া ঘোষা নাম অনুষ্ঠিত হয়।দুপৰীয়া ১২.০০ বজাত চৰকাৰী ধন লাভ কৰা নৱনির্মিত জিলা শাখাৰ কাৰ্যালয় ভৱন উদ্বোধন কৰে প্ৰাক্তন মন্ত্ৰী তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ অনুপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় তথা মূলৰ সদস্য ভৱেশ্বৰ ৰায় বাপে।ইয়াৰ পিছতেই অনুষ্ঠিত জিলা শাখাৰ উপ সভাপতি অনিল কুমাৰ ৰায় বাপৰ সঞ্চালনাত শ্ৰী শ্ৰী মাধৱদেৱৰ জীৱনী সম্পৰ্কে এক আলোচনা চক্ৰ। আৰু আলোচক হিচাপে ভাষণ আগবঢ়ায় জিলা সভাপতি অতুল চৰণ দাস বাপ,জিলা উপ সভাপতি মধুসূদন কলিতা বাপ ,কামিনি শইকীয়া আই, গোৱালপাৰা জিলা শাখাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক কপিল কৃষ্ণ মেধী বাপ আৰু গোৱালপাৰা আঞ্চলিক সদস্য নাৰায়ণ দাস বাপ আদিয়ে। আবেলি ৪.৩০বজাত ধৰ্মধ্বজা অৱতৰণ কৰে।সন্ধিয়া বন্তি প্ৰজ্বলন মুকলি কৰে মূল তথা কেন্দ্ৰীয় সদস্য ভরেশ্বৰ ৰায় বাপে।আৰু জিলা সংস্কৃতি শাখাৰ সম্পাদক কামিনি মোহন ৰায়ৰ পৰিচালনাত অনুষ্ঠিত হয় সন্ধিয়াৰ নাম প্ৰসংগ বুলি এই বাতৰিটোত প্ৰকাশ।
More Stories
मनिहारी थाना में मुहर्रम को लेकर शांति समिति की बैठक, डीजे पर रहेगा प्रतिबंध
मनिहारी (रतन कुमार ओझा) आगामी मुहर्रम पर्व को शांतिपूर्ण एवं सौहार्दपूर्ण वातावरण में संपन्न कराने को लेकर मनिहारी थाना परिसर...
रेन कट से बड़ी नहर का किनारा ध्वस्त, आवागमन बाधित, ग्रामीणों ने की शीघ्र मरम्मत की मांग
(डेस्क| हसनगंज) हसनगंज प्रखंड के जगरनाथपुर पंचायत अंतर्गत मननपुर गांव के समीप स्थित बड़ी नहर का एक हिस्सा लगातार हुई...
मनिहारी पुलिस की कार्रवाई: बाघमारा घाट में 135 लीटर देसी शराब बरामद, एक तस्कर गिरफ्तार।
मनिहारी (रतन कुमार ओझा) गुप्त सूचना के आधार पर मनिहारी पुलिस ने थाना क्षेत्र के बाघमारा घाट से बौलिया की...
मनिहारी अस्पताल में लापरवाही: 16 महीने के बच्चे को एक्सपायरी पोलियो ड्रॉप पिलाने का आरोप, परिजनों ने किया हंगामा।
मनिहारी (रतन कुमार ओझा) मनिहारी अनुमंडल अस्पताल में स्वास्थ्य विभाग की बड़ी लापरवाही सामने आई है। 16 महीने के मासूम...
हथियार के साथ रील बनाना पड़ा महंगा, तीन युवक गिरफ्तार, महिला फरार
कुर्सला (राजशेखर जयसवाल) कुरसेला थाना क्षेत्र में अवैध हथियार के साथ रील बनाकर सोशल मीडिया पर वायरल करना तीन युवकों...
एनएच-31 पर दो सड़क हादसे, हाईवा पलटी, बाइक सवार दो युवक गंभीर
कुरसेला (राजशेखर जयसवाल) कुरसेला थाना क्षेत्र अंतर्गत राष्ट्रीय राजमार्ग-31 पर गुरुवार को अलग-अलग स्थानों पर हुए दो सड़क हादसों में...
