April 29, 2026

বিজনী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ দ্বাৰা আয়োজিত এক অভিনন্দন তথা সম্বোৰ্দ্ধণা সভাৰ আয়োজন

Read Time:5 Minute, 7 Second

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

চিৰাং জিলা অন্তৰ্গত বিজনী চহৰস্থ ঐতিহাসিক বুঢ়ীঠাকুৰাণী মন্দিৰ প্ৰাঙ্গণৰ সভাকক্ষত বিজনী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ দ্বাৰা আয়োজিত এক অভিনন্দন তথা সম্বোৰ্দ্ধণা সভাৰ আয়োজন কৰি বিজনী মহকুমাৰ অন্তৰ্গত বিদ্যালয় সমূহৰ পৰা ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলোক কোচ ৰাজবংশী জাতীয় আওছা, টোকাবহী, কিতাপ আৰু এখনকৈ মানপত্ৰৰে সম্বোৰ্দ্ধণা জনায় বিজনী জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি মানিক দত্তৰ সভাপতিত্বত অনুষ্ঠিত সম্বোৰ্দ্ধণা সভাত আগ ধৰে বিজনী জিলা কমিটিৰ সাধাৰণ সম্পাদক অশ্বিনী ৰায়, উপদেষ্টা দীপক বৰ্মন আৰু বিকাশ ৰায়ে । কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মন আৰু সাধাৰণ সম্পাদক বিশ্বজিত ৰায় উপস্থিত থকা সম্বোৰ্দ্ধণা সভাত কেবাজনো বিশিষ্ট ব্যক্তি তথা শিক্ষাবিদৰ উপস্থিতত এখন শৈশিক সভা অনুষ্ঠিত হয় ৷ সভাৰ আগে আগে কোচ ৰাজবংশী জনগোষ্ঠীৰ গীতেৰে সমবেত সংগীত পৰিবেশন কৰে । সম্বোৰ্দ্ধণা সভাত বক্তব্য দাঙি ধৰি জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনে অসম চৰকাৰে অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যমত পাঠ্যক্ৰম প্ৰচলন কৰাৰ লগতে শিক্ষাদান কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক আদৰণি জনায় । ইংৰাজী পাঠ্যক্ৰমৰ শিক্ষাৰ জৰিয়তেহে নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলে সৰ্বভাৰতীয় তথা ৰাজ্যিক প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হব পাৰিব ৷ আওপুৰণি শিক্ষা ব্যৱস্থাই বিশ্বায়নৰ যুগত আগবাঢ়ি যোৱাতো সম্ভৱ নহয় বুলি কয় ৷ কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ছাত্ৰ-ছাত্ৰীৰ বিকাশ আৰু সুস্থ সবল এখন গতিশীল সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত অভিনন্দন তথা সম্বোৰ্দ্ধণা অনুষ্ঠানৰ এক মহৎ উদ্দেশ্য আছে বুলি উল্লেখ কৰি শিক্ষাৰ ক্ষেত্ৰত চিৰাং জিলা অসমৰ ভিতৰতেই অতিকৈ পিছ পৰা ৷ চিৰাং জিলাৰ ঐতিহাসিক বিজনী মহুকুমাক অসমৰ ভিতৰতে শৈশিক দিশত উন্নতি আৰু বিকাশ কৰিবলৈ হলে নতুন প্ৰজন্ম আগবাঢ়ি আহিব লাগিব বুলি কয়। বিশ্বজিৎ ৰায়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ সমালোচনা কৰি কয় যে, আছু, এবছু, অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভা অসমৰ অভিভাৱক নহয় যে তেওঁলোকৰ লগত আলোচনা কৰি, অনুমোতি লৈ বা পৰামৰ্শৰ ভিত্তিত অসমৰ শিক্ষানুষ্ঠানৰ মাধ্যম সম্পৰ্কে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ কোচ ৰাজবংশী সকল অসমীয়া নহয় বুলি বিশ্বজিৎ ৰায়ে অনুকীয়াই কয় যে অসমীয়া ভাষা আৰু অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান জীয়াই ৰখাৰ দায়িত্ব লব ৷ কোচ ৰাজবংশী সকলে কি মাধ্যমত শিক্ষা গ্ৰহণ কৰিব সেয়া আমাৰ অধিকাৰ তথা স্বাধীনতাৰ কথা । আমাৰ ওপৰত অসমীয়া ভাষা আৰু মাধ্যমৰ জাপি দিবলৈ কাকো ঠিকা দিয়া নাই । আমি আমাৰ ভবিষ্যৎ নিৰ্ণয় কৰিম ৷ ঠিকাদাৰ আছুৰ কথাত নহয় । আজিৰ শৈক্ষিক সজাগতা সভাত বিশিষ্ট শিক্ষাবিদ পৰমেশ্বৰ অধিকাৰী, জাতীয় পৰিষদৰ উপদেষ্টা প্ৰাণজিৎ ৰায়, সতীশ পাটগিৰি, মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হেমেনজ্যোতি দাস, ৰত্নপীঠ কনিষ্ঠ মহাবিদ্যালয়ৰ সহকাৰী প্ৰৱক্তা মাধুৰী ৰায়, শিক্ষক মানিক বৰ্মন, জাতীয় পৰিষদৰ নেত্ৰী পূৰ্ণিমা বৰ্মন আৰু কেবাগৰাকী শিক্ষক- শিক্ষয়িত্ৰী উপস্থিত আছিল ।

Previous post सैफई मेडिकल यूनिवर्सिटी हॉस्टल में संदिग्ध हालत में मिला MBBS के छात्र का शव, शरीर पर मिले चोट के कई निशान, मृतक की मां ने जताया हत्या की आशंका ।
Next post दस आंगनबाड़ी केंद्रों का सीडीपीओ ने की निरिक्षण दिया आवश्यक दिशा निर्देश ।
Wordpress Social Share Plugin powered by Ultimatelysocial