April 13, 2026

বিটিএডি ৰ চিৰাং জিলাত ছাত্ৰীয়ে শ্লীলতা হানিৰ অভিযোগ ৰাইজৰ ৰাম পিটন:

Read Time:1 Minute, 32 Second

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

নামনী অসম তথা বিটিএডি এলেকাৰ চিৰাং জিলাত আজি সংঘটিত হয় এক বিশেষ অনাকাংক্ষিত প্ৰতিবাদী আন্দোলন আৰু সংঘাতৰ ঘটনা ।মুলতঃ চিৰাং জিলাৰ বাসুগাওঁ ৰাজা অজিত নাৰায়ণ দেৱ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত দীপক ভকত নামৰ এগৰাকী শিক্ষকে এগৰাকী ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগ উত্থাপন কৰি অভিভাৱক ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ নেতা সদস্যই আজি বিদ্যালয় শ্ৰেণীৰ কোঠাতেই আক্ৰমণ কৰি ৰাজহুৱা ৰাম পিটন দিয়ে।আৰু জোতা,চেন্ডেলৰ ৰাম পিটনৰ পিছত স্থানীয় এগৰাকী সাংবাদিক জয়ন্ত দেৱ নাথৰ তৎপৰতাত বাসুগাওঁ আৰক্ষীৰ উপস্থিতিত শিক্ষক এগৰাকীক উদ্ধাৰ কৰি লৈ আহে।উল্লেখ যে ইয়াৰ পূৰ্বেও শিক্ষক গৰাকী একেটা অভিযোগত অভিযুক্ত হৈ নিলম্বিত হৈছিল।আজি পুনৰ এই ঘটনাই সচেতন ৰাইজৰ আৰু শিক্ষক সমাজত লজ্জানত কৰাই নহয়! সমগ্ৰ নামনী অসমত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বুলি বাতৰিটোত প্ৰকাশ।

Previous post ग्यारह लीटर दो सौ पच्चास मिली लीटर विदेशी शराब के साथ बाइक जप्त‌।
Next post हसनगंज थाना अंतर्गत आग लगी घटना में जला घर ।
Wordpress Social Share Plugin powered by Ultimatelysocial