April 29, 2026

কাইলৈ সমগ্ৰ বিশ্বৰ লগতে ভাৰত,উত্তৰ পূৰ্বাঞ্চল,অসমৰ লগতে নামনি অসমৰ প্ৰতিটো জিলাত ঈদ উল ফিটৰ পালনৰ ব্যাপক প্ৰস্তুতি :ইছলাম ধৰ্মী লোকসকললৈ ” আমছু” আৰু বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক ছামছুল হক ৰ শুভেচ্ছা বাণী প্ৰেৰণ

Read Time:1 Minute, 21 Second

ষ্টাফ ৰিপৰ্টাৰ বঙাইগাঁও, প্ৰফুল্ল কুমাৰ দাস।

অহা কাইলৈ ২০২২ইং চনৰ ঈদ উল ফিটৰ।বিগত দুটা বৰ্ষত কোভিড১৯ মহামাৰীৰ বাবে এই উৎসৱ পালন কৰাত ব্যাহত হৈছিল।এইবাৰ বিগত এটা মাহে এনে কষ্টকৰ ব্ৰত পালন কৰাৰ পিছত অহা কাইলৈ ইছলাম ধৰ্মালম্বী লোকসকলে পালন কৰিব ঈদ উল ফিটৰ ।ইতিমধ্যে সমগ্ৰ ৰাজ্যখনৰ লগতে নামনি অসমতো প্ৰতিটো জিলাত পালন কৰিবলগীয়া ঈদৰ ৰাজহুৱা নামাজৰ বাবে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।বঙাইগাঁও জিলাটো বঙাইগাঁও চহৰ ,অভয়াপুৰী ,লেংতিছিঙা , যোগীঘোপা, চলণ্টাপাৰা ,বইটামাৰী, তাপাট্টাৰী, মানিকপুৰ আদি অঞ্চলত ৰাজহুৱা নামাজৰ বাবে সজাই বৰাই তুলিছে ইছলাম ধৰ্মী লোকসকলে।ইফালে ইয়াৰ পূৰ্বে সদৌ অসম সংখ্যলঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু ৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰ আৰু বিলাসিপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হকে ইছলাম ধৰ্মী লোকসকললৈ এক শুভেচ্ছা বাণী প্ৰেৰণ কৰিছে।

Previous post गुलनार नि:शुल्क महिला सिलाई सेंटर गया में मेहंदी प्रतियोगिता के सफल प्रतिभागियों को किया गया पुरस्कृत
Next post रिटायर्ड आईएएस तरुण कपूर बने प्रधानमंत्री के नए सलाहकार केंद्र में हुई कई फेरबदल
Wordpress Social Share Plugin powered by Ultimatelysocial