April 15, 2026

কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক।

Read Time:1 Minute, 43 Second

ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

গুজৰাটৰ পৰা কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী তথা বিধায়ক টুইট যোগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক মন্তব্য কৰাক লৈ বিজেপি দলৰ নেতা তথা বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, বিধায়ক গৰাকীৰ বিৰুদ্ধে কোকৰাঝাৰ থানাত এহেজাৰ দাখিল কৰাৰ পিছতেই কোকৰাঝাৰ আৰক্ষীয়ে গুজৰাটৰ পৰা বিধায়ক জিগনেশ মেৱানীক আটক কৰি আজি দুপৰীয়া ৩ টা বজাত কোকৰাঝাৰ থানাত লৈ আহে।
বিধায়ক গৰাকীক থানাত লৈ অহাৰ লগে লগে কোকৰাঝাৰ জিলা কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলে হাতে হাতে বেনাৰ কাৰ্ড লৈ বিজেপি মূৰ্দাবাদ, বিজেপি গ বেগ, আৰ এছ এছ মূৰ্দাবাদ, অৰূপ দে মূৰ্দাবাদ, বিজেপি আৰু এছ এছৰ কাম নাই, অসম আৰক্ষী মুৰ্দাবাদ আদি শ্লোগান দি প্ৰতিবাদ সাৱস্ত কৰে কোকৰাঝাৰ থানাৰ সন্মূখত। উক্ত প্ৰতিবাদত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সম্পাদক গৰ্জান মুছাহাৰী,কংগ্ৰেছৰ চচিয়েল মিডিয়াৰ আই-টি চেলৰ কৰ্ডিনেটৰ খাইৰুল জামান আৰু কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সভাপতি,সম্পাদক আদি।

Previous post সদৌ অসম বেংগলী যুৱ ছাত্ৰ পৰিষদ ৰ বঙাইগাঁও জিলা সমিতিয়ে ৩২বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন।
Next post बारसोई में अमृत महोत्सव के अवसर पर स्वास्थ्य मेला का किया गया आयोजन ।
Wordpress Social Share Plugin powered by Ultimatelysocial