April 13, 2026

বিজেপি বঙাইগাঁও জিলা সভানেত্ৰী হিমানী অধিকাৰীৰ মালেগড় পঞ্চায়ত এলেকাত বান গৰাখহনীয়াৰ পৰিদৰ্শন।

Read Time:1 Minute, 3 Second

বঙাইগাঁও ৰ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস।

ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি ৰ বঙাইগাঁও জিলা সমিতিৰ সভানেত্ৰী হিমানী অধিকাৰীয়ে আজি জিলাখনৰ উত্তৰ শালমাৰা মহুকুমাৰ তাপট্টাৰী মণ্ডলৰ অন্তৰ্গত মালেগড় গাঁও পঞ্চায়তৰ তিনিকোণীয়া প্ৰথম খণ্ড গাওঁৰ বানপানী আৰু গৰাখহনীয়া পৰিস্থিতিৰ বুজ লয়।প্ৰাপ্ত বাটৰিমতে জিলা সভানেত্ৰী হিমানী অধিকাৰীয়ে এই বান পৰিস্থিতিৰ বুজ লৈ অতি শীঘ্ৰে এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁৰ লগত উপস্থিত থাকে তাপট্টাৰী মণ্ডলৰ সভাপতি শৈলেন বৰ্মন ,সাধাৰণ সম্পাদক দীনেশ মণ্ডল আৰু পঞ্চায়ত সভাপতি ছাইফুল ইছলাম আদি বুলি বাটৰিটোত প্ৰকাশ।

Previous post पत्नी की तलाश में पटना का युवक पहुंचा कटिहार
Next post बिहार एवं पश्चिम बंगाल सीमा को लेकर दोनों राज्य के बीच किया गया मापी
Wordpress Social Share Plugin powered by Ultimatelysocial