বিটিএডি এলেকাৰ কোকৰাঝাৰ সাহিত্য উৎসৱৰ সফল সামৰণি
প্ৰফুল্ল কুমাৰ দাস (বঙাইগাঁও)
সাহিত্য উৎসৱৰ তৃতীয় তথা অন্তিম দিনা ভাষাৰ ওপৰত মনতাত্বিক আলোচনা ৷সাহিত্য উৎসৱত অংশগ্ৰহণ কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা জীয়াই থাকিবৰ বাবে চৰকাৰৰ সদিচ্ছাৰ প্ৰয়োজন বুলি মন্তব্য বিশিষ্ট সাহিত্যিক – সাংবাদিক অনুৰাধা শৰ্মা পুজাৰীৰ ৷সাহিত্য হ’ল জাতি -ধৰ্ম -ৰাজনীতিৰ উৰ্ধত বুলি মন্তব্য বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৷ সাহিত্য উৎসৱে বিশ্বজনীন বাৰ্তা এটা বিয়পাব বুলি মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ । কোকৰাঝাৰ চহৰৰ নাতিদূৰৈৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ বাকৰিত যোৱা ৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱৰ ৰবিবাৰে সফল সামৰণি পৰে ৷ দেশ – বিদেশৰ পৰা অহা তিনি শতাধিক কবি – সাহিত্যিকৰ অংশগ্ৰহণেৰে উখল মাখল হৈ পৰা বডোফা সাংস্কৃতিক ক্ষেত্ৰ আজিৰ পৰা নিজম হৈ পৰিল ৷ সাহিত্য উৎসৱ ৰতৃতীয় তথা অন্তিমদিনা কেৱিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ অধ্যক্ষতাত সংকটৰ সন্মুখীন হোৱা ভাষাৰ কাহিনী কোৱা পৰ্বৰে আৰম্ভ হয় কাৰ্যসূচী । হাৰিয়ানাৰ মহৰ্ষি বাল্মিকী সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰমেশ চন্দ্ৰ ভৰদ্বাজে বিশেষ বক্তা হিচাপে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানত বিশিষ্ট সাহিত্যিক – সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী , ড° যমুনা বিনি , প্ৰশান্ত বড়ো আদিকে ধৰি কেবাগৰাকী সাহিত্যিকে অংশগ্ৰহণ কৰে । উক্ত আলোচনাচক্ৰত সংকটত পৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা কেনেদৰে বিলুপ্তিৰ পৰা বচাব পাৰি তাৰ ওপৰত বিশেষভাৱে আলোচনা হয় । অনুষ্ঠানৰ অন্তত অনুৰাধা শৰ্মা পূজাৰীয়ে সংবাদমাধ্যমৰ আগত কয় যে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমুহ ক্ৰমান্বয়ে নাইকীয়া হ’ব ধৰিছে । হিন্দী -ইংৰাজীৰ আগ্ৰাসনত পৰি অসমীয়া ভাষাও বৰ্তমান সংকটত পৰা বুলি মন্তব্য কৰি অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে চৰকাৰৰ সদিচ্ছা অবিহনে ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমুহ জীয়াই নাথাকে । প্ৰতি দুইসপ্তাহত পৃথিৱীৰ পৰা এটাকৈ ভাষা বিলুপ্তি হয় আৰু ১৯৬২ চনৰ পৰা ২০১১ চনলৈ ২১১ টা ভাষা অসমৰ পৰা নোহোৱা হ’ল বুলি উল্লেখ কৰি অনুৰাধা শৰ্মা পূজাৰীয়ে ভাষাসমুহ প্ৰযুক্তিত সংৰক্ষণ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়ায় । কৰ্মক্ষেত্ৰত , চৰকাৰী নথি-পত্ৰত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগে বুলি মন্তব্য কৰি এনে কাৰ্যই অন্য ভাষাৰ লোককো অসমীয়া শিকাত আগ্ৰহী কৰি তুলিব বুলি মন্তব্য কৰে। নিজৰ ভাষা নিজেই জীয়াই ৰাখিব লাগিব বুলি মন্তব্যৰে ভাষা সংকটমুক্ত কৰাৰ বাবে চৰকাৰৰ গধুৰ দায়িত্ব আছে বুলি মন্তব্য কৰে । ইপিনে সামৰণি অনুষ্ঠানত উপস্থিত থাকি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মন্তব্য – সাহিত্য হ’ল জাতি -ধৰ্ম -ৰাজনীতিৰ উৰ্ধত । কোকৰাঝাৰৰ সাহিত্য উৎসৱ হোৱাটো অতি আনন্দৰ বতৰা আৰু সাহিত্যিকৰ মিলনে সাহিত্যৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰিছে । সামৰণি অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োও উপস্থিত থাকি সাহিত্য উৎসৱৰ সফলতাক লৈ আনন্দ প্ৰকাশ কৰে । সাহিত্য উৎসৱে বিশ্বজনীন বাৰ্তা এটা বিয়পাব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে । উল্লেখ্য যে, কোকৰাঝাৰ দ্বিতীয় সাহিত্য উৎসৱত বহিৰাষ্ট্ৰ থাইলেণ্ড , ম্যানমাৰ , শ্ৰীলংকা , নেপাল আৰু ভূটানৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক সাহিত্যিক – কবিয়ে অংশগ্ৰহণ কৰিছিল ৷
