May 1, 2026

সমগ্ৰ নামনী অসমত ভাৰত ৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী পালন।

Read Time:1 Minute, 7 Second

আন্তৰাষ্ট্ৰীয় বাংলাদেশ ,ভাৰত,উত্তৰ পূৰ্বাঞ্চল আৰু সমগ্ৰ অসমজুৰি আজি ভাৰত ৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী পালিত হৈছে।একেদৰে নামনী অসমৰ বৰপেটা ,বাক্সা,বঙাইগাঁও, চিৰাং,কোকৰাঝাৰ, ধুবুৰী,গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাটো বিভিন্ন দল সংগঠন ক্লাৱ আদিয়ে বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰিছে এই সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী ।ইতিমধ্যে সমগ্ৰ নামনী অসমত ৰজন জনাই আছে ডঃ ভূপেন হাজৰিকাৰ গীত মালা ।চিৰাং জিলাত বিধায়ক অজয় কুমাৰ ৰায়,ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰি ভাষণ দিয়ে।

বঙাইগাঁও ৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস

Previous post आई आई टी (IIT) कानपुर ने आज मुख्य अतिथि के रूप में उत्तर प्रदेश के मुख्य सचिव श्री दुर्गा शंकर मिश्रा के संस्थान दौरे के साथ इंडियन गवर्नेंस समिट’22 का उद्घाटन किया
Next post নামনী অসমৰ ধুবুৰী জিলাত প্ৰদেশ কংগ্ৰেছ(ই) সভাপতি ভূপেন বৰাৰ সংবাদমেল।
Wordpress Social Share Plugin powered by Ultimatelysocial